মাজুলীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

By

Published : May 13, 2021, 1:57 PM IST

thumbnail
মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাচত পোন প্ৰথম বাৰৰ বাবে মাজুলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । কেইবাটাও কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হৈছে মাজুলীত । মাজুলীত উপস্থিতি হৈ পোনে পোনে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰলৈ যোৱাৰ পাচতে সত্রৰ গেটৰ পৰা মুখ্যমন্ত্ৰী গৰাকীক গায়ন বায়নেৰে আদৰণি জনায় ৷ দক্ষিণপাট সত্রত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই পোনে পোনে যাদৱৰায়ৰ চৰণত সেৱা লোৱাৰ পাচত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ সৈতে জলপান গ্ৰহণ কৰে। দক্ষিণপাট সত্ৰৰ ভঁৰাল দৰ্শন কৰি আউনিআটি সত্ৰ অভিমুখে ৰাওনা হয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.