thumbnail

Demand for investigation: স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰীৰ উচিত তদন্তৰ দাবী চৰাইদেউ আছুৰ

By

Published : Aug 11, 2022, 5:07 PM IST

ধনৰ বিনিময়ত নিযুক্তিৰ অভিযোগত চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ গাণনিক অমৃত গগৈক ৩ আগষ্টত আটক কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে সোণাৰি আৰক্ষীয়ে(Joint director of Health Amrit Gogoi detained)৷ আনহাতে এই কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পাছতেই অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকে ৯৩ জনীয়া এক তালিকা প্ৰকাশ কৰি তালিকাভুক্ত কৰ্মচাৰীসকলক ১২ আগষ্টৰ ভিতৰত নথি-পত্ৰ পৰীক্ষণৰ নিৰ্দেশ জাৰি কৰিছে । ইয়াৰ পিছতেই এতিয়া সমগ্ৰ ৰাজ্যতে স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰীয়ে জোকাৰণি তুলিছে সচেতন মহলত । ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোত ৰাজনৈতিক হস্তক্ষেপ অবিহনে যাতে নিৰপেক্ষ তদন্তৰ জৰিয়তে দোষী ব্যক্তিক চিনাক্ত কৰি কঠোৰতম শাস্তি বিহা হয় তাৰ দাবী উত্থাপন কৰিছে চৰাইদেউ জিলা ছাত্ৰ সন্থাই ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.