Dhalpur Health Center: ঢলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চৰম অৰাজকতা - ধলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চৰম অৰাজকতাৰ অভিযোগ
🎬 Watch Now: Feature Video
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ঢলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এতিয়া চৰম অৰাজকতা । প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত ৰোগীয়ে সময়মতে চিকিৎসা নোপোৱাৰ অভিযোগ (Chaos in Dhalpur Block Primary Health Center)। আনকি চিকিৎসালয়খনত উৎকট গৰমতো ৰোগীৰ বাবে নাই ফেনৰ ব্যৱস্থা । ফলত উৎকট গৰমত হাহাকাৰ কৰিব লগীয়া হৈছে ৰোগী আৰু ৰোগীৰ আত্মীয়ই । উপায়ন্তৰ হৈ ৰোগীৰ আত্মীয়ই সংবাদ মাধ্যমৰ জড়িয়তে বিষয়টোত বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰিছে । ইফালে চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ নাৰ্চ নথকাৰো অভিযোগ উত্থাপন কৰিছে ৰোগীৰ আত্মীয়ই ।