আবেগিক হৈ কি আহ্বান জনালে লাভলীনা বৰগোঁহাইয়ে ? - লাভলীনা বৰগোঁহায়ে বিবাহ বিচ্ছেদ বিচাৰি গুৱাহাটীৰ পাৰিবাৰিক আদালতত আবেদন
🎬 Watch Now: Feature Video
টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে অসমকে ধৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোহাঁইৰ (Olympics medalist Lovlina Borgohain) একান্তই ব্যক্তিগত সম্পৰ্ক এটাক অন্য ধৰণে সংবাদ তথা সামাজিক মাধ্যমত প্ৰচাৰ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বক্সাৰগৰাকীয়ে । একাংশ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত লাভলীনা বৰগোঁহাইয়ে বিবাহ বিচ্ছেদ বিচাৰি গুৱাহাটীৰ পাৰিবাৰিক আদালতত আবেদন (Boxer Lovlina Borgohain Files For Divorce In Guwahati) কৰা বুলি শুকুৰবাৰে প্ৰচাৰ হৈছিল । তদুপৰি ২০১৮ চনতে যোৰহাটৰ নৱনীত গোস্বামী (৩১)ৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা বুলি বাতৰি প্ৰকাশ হৈছিল । এই সন্দৰ্ভত শনিবাৰে সামাজিক মাধ্যম যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আবেগিক হৈ পৰে অসম ৰত্ন লাভলীনা বৰগোহাঁই । এই সন্দৰ্ভত শুনো আহক, কি ক'লে লাভলীনাই ...
TAGGED:
Boxer Lovlina Borgohain