thumbnail

By

Published : Apr 13, 2021, 2:10 PM IST

ETV Bharat / Videos

কাইলৈ গৰু বিহু

ভূপেন দাই গীতত কোৱাৰ দৰে, ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব’হাগ মাথোঁ এটি মাহ ৷ অসমীয়া জাতিৰ ই আয়ুসৰেখা, গণজীৱনৰ সাহ.... ৷ আজি উৰুকা আৰু কাইলৈ গৰু বিহু ৷ চেনেহৰ ৰঙালীক আদৰিবলৈ সাজু ৰাজ্যবাসী ৷ অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষাৰে কাইলৈ গৰুক গা ধুৱাই ৰাজ্যবাসীয়ে উদযাপন কৰিব গৰু বিহু । গৰু বিহু উপলক্ষে তৰাৰ পঘা, বাঁহৰ চাক বনোৱাত ব্যস্ত চহা কৃষিজীৱি অসমীয়া ৷ অসমীয়াৰ আবেগ বহাগক লৈ এতিয়া ব্যস্ত প্ৰতিগৰাকী অসমীয়া ৷ সঁচাকৈয়ে জাতিৰ আয়ুসৰেখা বহাগে কঢ়িয়াই আনে নতুনৰ বতৰা ৷ ঋতুৰাজ বসন্তৰ আগমণে উগুল-থুগুল কৰে অসমীয়াৰ মন ৷ গছ-লতিকাই ন-সাজেৰে সাজ সলোৱাৰ দৰে ৰঙৰ ৰঙালীয়ে লৈ আহে প্ৰেমৰ বতৰা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.