উৎপাদিত সকলো ধান দৰিদ্ৰ ৰাইজক দিম: বিধায়ক দিগন্ত কলিতা - কমিউনিটি নাৰ্চাৰী আঁচনি
🎬 Watch Now: Feature Video
বানত ক্ষতিগ্ৰস্ত কৃষক ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰৰ কৃষি বিভাগে "Community Nursery" নামৰ এখন বিশেষ আঁচনি গ্ৰহণ কৰিছে ৷ উক্ত আঁচনিখন অনুসৰি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই লৈছে এক বিশেষ পদক্ষেপ । বানপানীত নষ্ট হোৱা কঠিয়া পুনৰ ৰোপন কৰিবলৈ কৃষক ৰাইজৰ বাবে সোমবাৰে কমলপুৰৰ বিহদিয়াত অবস্থিত চৰকাৰী কৃষি পামৰ প্ৰায় 20 বিঘা ভূমিত কঠিয়া সিঁচাৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ৷ কৃষক ৰাইজৰ লগতে বিধায়ক গৰাকীয়ে "বাহাদুৰ গ্ৰেড-১" নামৰ উন্নত জাতৰ ধানৰ বীজ সিঁচি পাম খনত । উক্ত কঠিয়াৰে প্ৰতি বিঘাত ২০ৰ পৰা ২৫ মোন ধান উৎপাদন হব বুলি উল্লেখ কৰে বিধায়ক গৰকীয়ে । এই কঠিয়াসমূহ দৰিদ্ৰ কৃষক ৰাইজে বিনামূলীয়াকৈ লাভ কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে বিধায়ক দিগন্ত কলিতা ।