মৰাণত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী অতুল বৰাই - উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 4, 2021, 8:31 PM IST

অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভৰ পাছতেই ডিব্ৰুগড় ভ্ৰমণ মন্ত্ৰী অতুল বড়াৰ । ডিব্ৰুগড় জিলাত হৈ থকা উন্নয়নমূলক কাম-কাজৰ সন্দৰ্ভত পৰ্যালোচনা কৰে বিভিন্ন বিভাগ সমুহৰ সৈতে । জিলাখনৰ সামগ্ৰিক উন্নয়ন ক্ষীপ্ৰতাৰে হোৱাৰ ওপৰত গুৰুত্ব আৰোপ মন্ত্ৰীগৰকীৰ । আনহাতে, গুৱাহাটীৰ পাছতে ডিব্ৰুগড় জিলাত ভয়াৱহ হৈ পৰা ক’ভিড পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্য বিভাগ আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ কতৃপক্ষৰ সৈতে আলোচনা কৰাৰ লগতে জিলাবাসীক অধিক সচেতন হবলৈ আহ্বান জনায় । লগতে তেওঁ ডিব্ৰুগড়ত ক’ভিড পৰিস্থিতি কিছু হ্ৰাস পাইছিল যদিও পুনৰ শেহতীয়াকৈ বৃদ্ধি পাইছে বুলি কয় । মন্ত্ৰী গৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগ সমূহৰ কাম-কাজ সন্দৰ্ভত পৰ্য্যালোচনা কৰি উন্নয়ন ক্ষীপ্ৰ কৰাৰ বাবে নিৰ্দেশ দিয়ে । আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্নয়ন ক্ষীপ্ৰ কৰাৰ বাবে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অভিভাৱক দায়িত্ব দিয়া লগতে মাহত দুবাৰকৈ আহি উন্নয়ন সন্দৰ্ভত বুজ লব বুলি কয় । ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যলয়ত বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, চক্ৰ গগৈ, পোনাকন বৰুৱা, তেৰছ গোৱালা উপস্থিত থাকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.