বিয়া পাতিয়েই বিতৰ্কত সোমাই পৰিল ৱিগনেশ্ব-নয়নতাৰা

By

Published : Jun 11, 2022, 5:21 PM IST

thumbnail
দক্ষিণৰ বিখ্যাত অভিনেত্ৰী নয়নতাৰা আৰু চলচ্চিত্ৰ নিৰ্মাতা ৱিগনেশ্ব শিৱানৰ বিয়াৰ ফটো আপোনালোকে ইতিমধ্যেই দেখিছে (Nayanthara Vignesh marriage) । বিয়াৰ পিছত আশীৰ্বাদ বিচাৰি তিৰুপতি মন্দিৰত উপস্থিত হোৱা নয়নতৰা-ৱিগনেশ্ব এটা ডাঙৰ বিতৰ্কত সোমাই পৰিছে (Nayanthara Vignesh shivan photos) । ইয়াৰ পিছতেই ৱিগনেশ্বে মন্দিৰ প্ৰশাসনলৈ এখন পত্ৰ লিখি ক্ষমা বিচাৰিছে । দৰাচলতে বিবাহ কাৰ্য সম্পন্ন হোৱা পিছতেই স্বামী-স্ত্ৰী দুয়ো তিৰুপতিলৈ ৰাওনা হয় ৷ এতিয়া তেওঁলোকৰ তিৰুপতি দৰ্শনৰ পৰা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত নয়নতাৰাই চেণ্ডেল পিন্ধি মন্দিৰৰ চৌহদত খোজ কাঢ়ি থকা দেখা গৈছে ৷ ইয়াৰ পিছতেই সামাজিক মাধ্যমত বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ এই কথা জানিব পাৰি দেৱস্থানম ভিজিলেন্স বিভাগে ৱিগনেশ্ব শিৱানক ফোনযোগে প্ৰশ্ন কৰে ৷ পৰিচালকজনে স্পষ্টকৈ উত্তৰ দিয়ে যে এইটো এটা অসাৱধানতাপূৰ্ণ ভুল আছিল আৰু বিয়াৰ পিছত ঘৰলৈ নোযোৱাকৈ পোনপটীয়াকৈ তিৰুপতিলৈ অহাৰ বাবে এই ভুল হ’বলৈ পালে (Nayanthara Vignesh controversy) ৷ মন্দিৰ চৌহদত চেণ্ডেল পিন্ধি কৰা ভুলৰ বাবে ক্ষমা বিচাৰি ৱিগনেশ্ব শিৱানে তিৰুপতি দেৱস্থানমলৈ এখন পত্ৰও লিখিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.