ভূপেন বৰা আৰু হিমন্ত বিশ্ব শৰ্মাকো বিহা হৈছিল মৃত্যুদণ্ড !

By

Published : May 9, 2022, 8:14 PM IST

thumbnail
সোমবাৰে নাৰায়ণপুৰৰ ৰাজীৱ ভৱনত বিহপুৰীয়া আৰু নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ তৃণমূল বিষয়ববীয়াসকলৰ সৈতে ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে মত বিনিময়ত অংশগ্ৰহণ কৰে (APCC President meeting grassroot workers of party) অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই (APCC President at congress meeting in Lakhimpur)। ইফালে, এটা সময়ত এক গোঁহাৰিৰ জৰিয়তে ভূপেন কুমাৰ বৰা আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাক আলফা(ULFA)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই মৃত্যুদণ্ড ঘোষণা কৰা সন্দৰ্ভতো APCC ৰ সভাপতি ভূপেন কুমাৰ বৰাই মন্তব্য প্ৰকাশ কৰে ৷ আনহাতে, সভাপতি ভূপেন কুমাৰ বৰাই সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, "অসমৰ ৰাইজে এই মৃত্যুৰ খেলা আৰু চাই থাকিব বিচৰা নাই, হিমন্ত বিশ্ব শৰ্মা আৰু পৰেশ বৰুৱা দুয়োজনেই মৃত্যুযজ্ঞ পাতিছে, দুয়োজনৰে উদ্দেশ্য বেলেগ বেলেগ ৷ কিন্তু দুয়োজনেই মৃত্যুদণ্ডৰ অধিকাৰ হাতৰ পৰা এৰি দিয়াটো ভাল ৷"

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.