Rashtrapatni Remark Row: মৰাণত জ্বলিল আঙুৰলতাৰ প্ৰতিকৃৰ্তি - মৰাণৰ ৰাজপথত আঙুৰলতাৰ প্ৰতিকৃৰ্তি দাহ
🎬 Watch Now: Feature Video
কংগ্ৰেছ নেতা অধীৰঞ্জন চৌধুৰীয়ে(Congress leader Adhir Ranjan Chowdhury) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অপমানজনক মন্তব্য(Insulting remarks towards President Droupadi Murmu) কৰাৰ প্ৰতিবাদত শুকুৰবাৰে গুৱাহাটীত কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই আহোম জনগোষ্ঠীৰ বিৰুদ্ধে কিছু বিতৰ্কিত মন্তব্য কৰা বুলি অভিযোগ উঠিছিল । ইয়াৰ পাছতে আজি অৰ্থাৎ শনিবাৰে টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে মৰাণৰ ৰাজপথত আঙুৰলতাৰ প্ৰতিকৃৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(Angurlata Deka Effigy burnt at Moran) । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে আটাছুৰ কেন্দ্ৰীয় উপ-সভাপতি দেৱজিত গগৈৰ লগতে জিলা মহকুমাৰ নেতা-কৰ্মীসকলে । উল্লেখযোগ্য যে, কংগ্ৰেছৰ বিৰুদ্ধে গুৱাহাটীত বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰা সময়ত "আহোম জাতি মুৰ্দাবাদ" শ্লোগান দিয়া বুলি অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছিল টাই আহোম ছাত্ৰ সন্থাই । প্ৰকৃততে "ৰাহুল গান্ধী মুৰ্দাবাদ" কৈছিল নে "আহোম জাতি মুৰ্দাবাদ" কৈছিল তাকে লৈ এতিয়া বিবুধিত পৰিছে একাংশ ।