thumbnail

By

Published : Aug 4, 2022, 9:10 PM IST

ETV Bharat / Videos

Government deprivation in Sonitpur: চৰকাৰী বঞ্চনাৰ সাক্ষী শোণিতপুৰৰ এখন গাঁও

শোণিতপুৰ জিলা গঠনৰ ৩৮বছৰ সম্পূৰ্ণ কৰাৰ সময়ত জিলাখনৰ সদৰ তেজপুৰৰে নিকটৱৰ্তী এটা অঞ্চলত সৰ্বসাধাৰণৰ হাহাকাৰ অৱস্থা ৷ শোণিতপুৰৰ বিহগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ বাঁহবাৰী গাঁও পঞ্চায়তৰ এই এলেকাটোত চৰকাৰী উন্নয়নৰ নামত চলিছে কেৱল সীমাহীন দুৰ্নীতি (Allegation of corruption in Panchayat) ৷ আৰ্থিকভাৱে দৰিদ্ৰ এই সকল লোকে যোৱা দীঘলীয়া সময়ত চৰকাৰী প্ৰতিনিধি নতুবা নিৰ্বাচিত প্ৰতিনিধিৰ পৰা লাভ কৰি আহিছে কেৱল প্ৰৱঞ্চনা (Zero development in Bahbari) ৷ তেওঁলোকৰ আশা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চকুমেলি চাব তেওঁলোকৰ প্ৰতি ৷ মন্ত্ৰী, বিধায়ক, উপায়ুক্ত, বিডিঅ’ কোনেও ভৰি দি পোৱা নাই বৃহত্তৰ অঞ্চলটোৰ ভিতৰুৱা ঠাইত ৷ নিৰ্বাচনৰ আগে আগে ভোট বিচাৰি মিটিং কৰি উভতি যায় প্ৰাৰ্থী সকল ৷ কেৱল প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰিয়েই ইমান দিনে এইসকল লোকক ঠগি আহিছে সকলোৱে ৷ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ ধুমধামৰে উদযাপিত হৈ থকাৰ সময়ত উন্নয়নৰ নামত কেৱল শূন্যতা বিৰাজ কৰিছে শোণিতপুৰৰ এই অঞ্চলত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.