মিচিং সকলৰ মাজত আলি আয়ে লৃগাঙৰ উছাহ - amguri
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10660065-thumbnail-3x2-bcfjk.jpg)
আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ । পৰম্পৰা অনুসৰি ফাগুনৰ প্ৰথমটো বুধবাৰত ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোক সকলে পালন কৰি আহিছে কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং। মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ "আয়ে" মানে ফল "লৃগাং" মানে "সিঁচিবলৈ আৰম্ভ কৰা" । কৃষি চহকী জনগোষ্ঠীটোৱে বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আমগুৰিৰ দিখৌমুখৰ 1নং আলিমুৰ মিচিংগাঁৱৰ মুৰংঘৰৰ বাকৰিতো পালন কৰিছে আলি আয়ে লৃগাং ৷ শস্যৰে পথাৰ উৰ্বৰা হোৱাৰ কামনাৰে দঞি-পল-(চন্দ্ৰ,সূৰ্য্য) চেডি -মেল (পূৰ্বপুৰুষ) ৰ আৰ্শীবাদ বিচাৰি মিচিং জনগোষ্ঠীৰ লোক সকলে পালন কৰিছে আলি আয়ে লৃগাং ৷
Last Updated : Feb 18, 2021, 2:53 PM IST