thumbnail

AJYP establishment day : লখিমপুৰত AJYPৰ দ্বাবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Jul 25, 2022, 5:18 PM IST

সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰত আয়োজন কৰা হয় অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দ্বাবিংশতিতম প্ৰতিষ্ঠা দিৱস (22nd Foundation Day programme of AJYP begins)৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সহযোগত লখিমপুৰ জিলা পুথিভঁৰালত এই কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ সোমবাৰে পুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পন, বন্তি প্ৰজ্বলন কৰাৰ লগতে আয়োজিত হয় এখনি আলোচনা চক্ৰও ৷ আনহাতে, এই দিৱসৰ দ্বিতীয় দিনা অনুষ্ঠিত হ’ব লগীয়া মূল কাৰ্যসূচী অনুসৰি মুকলি সভাত শৈক্ষিক, সাংস্কৃতিক, সাহিত্য আদি ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.