thumbnail

By

Published : Oct 15, 2022, 10:01 PM IST

ETV Bharat / Videos

AICC presidential poll: বিহু দেখি ৰ'বই নোৱাৰিলে থাৰুৰে

বিহু অসমৰ জাতীয় উৎসৱ (Bihu is the festival of Assam) ৷ ক’ৰবাত দূৰৈত ৰিণিকি ৰিণিকি ঢোলৰ মাত শুনিলেই দেহ-মন নাচি উঠে অসমীয়াৰ ৷ পিছে অকল অসমীয়া বুলি ক’লে ভুল হ’ব ৷ ঢোল-পেঁপাৰ মাত শুনিলে সকলোৰে এপাক নাচিবলৈ মন যায় (Assamese traditional Bihu dance) ৷ এইবাৰ ৰাজীৱ ভৱনত এপাক বিহু নাচিলে লোকসভাৰ সাংসদ শশী থাৰুৰে (Shashi Tharoor joins Bihu dancers)৷ এ আই চি চিৰ সভাপতি পদৰ নিৰ্বাচনত (AICC presidential poll) প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা লোকসভাৰ সাংসদ শশী থাৰুৰ শনিবাৰে গুৱাহাটীত উপস্থিত হয় (Sashi Tharoor visited Guwahati ) । শশী থাৰুৰক বিমানবন্দৰৰ লগতে ৰাজীৱ ভৱনত কংগ্ৰেছৰ কৰ্মীসকলে, বিশেষকৈ ছাত্ৰ যুৱ কংগ্ৰেছী সকলে বিহু নৃত্যৰে উষ্ম আদৰণি জনায় (AICC presidential candidate Sashi Tharoor) । উল্লেখ্য যে, আগন্তুক ১৭ অক্টোবৰত সমগ্ৰ দেশতে কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ ভোট গ্ৰহণ হ’ব আৰু ১৯ অক্টোবৰত ভোট গণনা হ’ব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.