thumbnail

By

Published : Aug 15, 2022, 12:09 PM IST

Updated : Aug 15, 2022, 2:00 PM IST

ETV Bharat / Videos

শিৱসাগৰত জাতীয় পতাকা উত্তোলন কৰিলে উদ্যোগ মন্ত্ৰী বিমল বড়াই

দেশৰ অন্যান্য প্ৰাতন্তৰ দৰে শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰতো সোমবাৰে কেন্দ্ৰীয় ভাবে উদযাপন কৰা হয় ৭৬ সংখ্যক স্বাধীনতা দিৱস (76th Independence Day at Sivsagar) । অনুষ্ঠানত বিভিন্ন অংশগ্ৰহণকৰী সকলৰ কুচকাৱাজ পৰিদৰ্শন কৰি অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বৰাই জাতীয় পতাকা উত্তোলন কৰে (Minister Bimal Bora hoisting the National flag) । জাতীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী বৰাই দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু অসম চৰকাৰ বিভিন্ন বিভাগৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে । ৰাজ্যৰ BJP নেতৃত্বাধীন চৰকাৰে চবকা সাথ চবকা বিকাশ নীতিৰে ৰাইজৰ সহযোগত আগুৱাই যোৱা বুলি উল্লেখ কৰাৰ লগতে কৃষি, শিক্ষা, স্বাস্থ্য আদিকে ধৰি বিভিন্ন বিভাগে বিগত সময়ছোৱাত লাভ কৰা উপলব্ধি সমূহ ৰাইজৰ সমুখত নিজৰ ভাষণৰ জৰিয়তে দাঙি ধৰে মন্ত্ৰী বৰাই । লক্ষণীয়ভাৱে এইবাৰৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাইজৰ অংশগ্ৰহণ চকুত লগা আছিল । পূৰ্বৰ বছৰবোৰৰ তুলনাত এইবাৰ অভিলেখসংখ্যক লোকে স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
Last Updated : Aug 15, 2022, 2:00 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.