শংখ-দবা-কাঁহ আৰু হৰি নামৰ ধ্বনিত মুখৰিত ধিঙৰ ৰাজপথ

By

Published : Oct 6, 2022, 3:33 PM IST

Updated : Oct 6, 2022, 4:03 PM IST

thumbnail
বিগত 4 অক্টোবৰৰ পৰা সত্ৰীয়া ৰীতি পৰম্পৰাৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালন কৰা হয় (574th Birth anniversary of Srimanata Sankardev) ৷ নগাঁও জিলাৰ ধিঙতো সত্ৰীয়া ৰীতি পৰম্পৰা অনুসৰি তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ (Sankardeva birth anniversary celebrations) ৷ তৃতীয় দিন অৰ্থাৎ বৃহস্পতিবাৰৰ কাৰ্যসূচী অনুসৰি পুৱাই ভকত বৈষ্ণৱৰ উপস্থিতিত ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধিয়ে ৷ ইয়াৰ পিছতেই ভাগৱত ভ্ৰমণ আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় (Cultural rally of Srimanta Sankardev Sangha) ৷ এই শোভাযাত্ৰাত শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি ভাওনাৰ পৰা আৰম্ভ কৰি অসমীয়াৰ সমাজ জীৱনৰ সকলো সম্বলয়ে প্ৰতিফলিত হোৱা পৰিলক্ষিত হয় ৷ এই শোভাযাত্ৰাত হাজাৰ হাজাৰ ধিং ভকতে পদপথত বস্ত্ৰ পাৰি শৰণত সেৱা লয় ৷
Last Updated : Oct 6, 2022, 4:03 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.