অভিনেতা প্ৰাঞ্জল শইকীয়াই মুকলি কৰিলে বদলা পদ্ম আতাৰ আবিৰ্ভাৱ মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰা - বদলা পদ্ম আতাৰ আবিৰ্ভাৱ মহোৎসৱ
🎬 Watch Now: Feature Video

শ্ৰীশ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ-২২ আজি তৃতীয় দিন(476 birth anniversary of Badula Padma Ata observed at Majuli) । খোল তাল,হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰ(Festival in Majuli) । শুকুৰবাৰে পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয় তৃতীয় দিনৰ কাৰ্যসূচী । এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই । সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে মাজুলীৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ লোকসকলে । অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে লোকাৰণ্য হৈ পৰিছে উত্তৰ কমলাবাৰী সত্ৰ ।