HSLC results 2022 : চিকিৎসক হোৱাৰ মন দশম স্থান প্ৰাপক ধৃতিস্মিতাৰ - নলবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতন
🎬 Watch Now: Feature Video

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে নলবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী ধৃতিস্মিতা ডেকাই ৷ ৫৮৮ নম্বৰেৰে দশম স্থান লাভ ছাত্ৰীগৰাকীৰ ৷ ফলাফলত উজলিল নলবাৰীৰ ৪ গৰাকী ছাত্ৰ-ছাত্ৰী । নলবাৰী শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা স্থান লাভ কৰা দুগৰাকী শিক্ষাৰ্থী হৈছে দিব্যজ্যোতি লহকৰ আৰু ধৃতিস্মিতা ডেকা ৷