ৰাজ্যত পুনৰ ধৰ্মীয় স্থানত চুৰি: ৰঙিয়াৰ মন্দিৰত চোৰৰ লুটপাত - Theft at temple in Rangia

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 29, 2022, 8:03 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ৰাজ্যত পুনৰ ধৰ্মীয় স্থলীত চুৰি । এইবাৰ ৰঙিয়াৰ ঐতিহ্যমণ্ডিত তৰণী হৰি মন্দিৰত চোৰৰ লুটপাত (Theft at temple in Rangia) । বিদ্যুতৰ ব্যৱস্থা নথকাৰ সুযোগ লৈ নিশা চোৰে এই মন্দিৰটোত চলালে লুটপাত । সোমবাৰে নিশা হোৱা এই চুৰিকাণ্ডত চোৰে মন্দিৰত থকা বৰঙনিৰ ধন লুট কৰাৰ লগতে মন্দিৰৰ ভড়াল গৃহ, আৰিমত্ত ভৱনৰ কাৰ্যালয়তো চলালে লুটপাত । চোৰে লৈ গ’ল চিচি টিভিৰ মনিটৰ, মিক্সাৰ গ্ৰাইণ্ডাৰকে ধৰি বহু মূল্যবান বৈদ্যুতিক সামগ্ৰীও । মন্দিৰৰ সেৱকজনে মঙলবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হৈ মন্দিৰৰ অৱস্থা প্ৰত্যক্ষ কৰি পৰিচালনা সমিতিক অৱগত কৰাৰ পিছতে তুলসীবাৰী আৰক্ষী চকীত চুৰিৰ ঘটনাটোৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । মন্দিৰ চৌহদত বিদ্যুতৰ যোগান ব্যাহত হৈ থকাৰ সুযোগতে দুৰ্বৃত্তই নিশাৰ ভাগত এনেদৰে তাণ্ডৱ চলাই অহাৰ অভিযোগ উত্থাপিত কৰিলে অঞ্চলটোৰ ৰাইজে ।
Last Updated : Feb 3, 2023, 8:21 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.