চৰাইদেউৰ সাপেখাতীত মহিলা ভাওনাৰ প্ৰস্তুতি তুংগত - বৰ নামঘৰ
🎬 Watch Now: Feature Video

চৰাইদেউৰ সাপেখাতীত মহিলা ভাওনাৰ আয়োজনৰ ব্যাপক প্ৰস্তুতি ৷ বায়নৰ সুৰৰ লয়ত, খোলৰ তালত ভাওনা আখৰাত ব্যস্ত সাপেখাতীৰ প্ৰতিভাৱান এদল উদ্যমী মহিলা ৷ গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা আখৰাত মগ্ন মহিলাসকল ৷ উল্লেখ্য যে, ঐতিহাসিক চৰাইদেউ জিলাৰ চৰাইদেউ অগ্ৰণী মহিলা মঞ্চ আৰু চৰাইদেউ চুকাফা নাট্য গোষ্ঠীৰ সহযোগত সাপেখাতীত মহিলা ভাওনা উদযাপন কৰাৰ মানসেৰে চতিয়নাগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ শাখাৰ বৰ নামঘৰত দেওবাৰে "মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ" নামৰ নাটখনিৰ শুভাৰম্ভ কৰা হয় । কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বৰ জনজীৱনত ব্যাপক প্ৰভাৱ পৰাৰ লগতে স্তব্ধ হৈ পৰিছিল সমাজ জীৱন । এতিয়া মহামাৰীৰ প্ৰাদুৰ্ভাৱ কিছু স্তিমিত হোৱাত চৰাইদেউৰ ‘অগ্ৰণী মহিলা মঞ্চ’ৰ উদ্যোগত ‘চৰাইদেউ চুকাফা নাট্যগোষ্ঠী’ৰ সহযোগত মহিলা ভাওনা আয়োজন কৰাৰ মানসৰে ‘বৈকুণ্ঠত প্ৰভূৰ শ্ৰীচৰণত প্ৰথম গুৰু ঘাট মাৰি নাট’ ভাগি মুকলি কৰা হয় । "কলিত নামেই শ্ৰেষ্ঠ" এই ভক্তি বাণীক সাৰোগত কৰি চৰাইদেউ অগ্ৰণী মহিলাই পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লৈছে মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ নামৰ নাট ভাগি ।