thumbnail

By

Published : Oct 23, 2021, 4:31 PM IST

Updated : Oct 23, 2021, 7:07 PM IST

ETV Bharat / Videos

man elephant conflict : দিনদুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণত শংকিত ৰাইজ

বনাঞ্চল এৰি জনাঞ্চলৰ সৰ্বত্ৰে এতিয়া বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলত । বিশেষকৈ চামগুৰিৰ গেন্ধালি-মাজৰআটি, হাঁহচৰা-বৰালিগাঁও, হেমাৰবড়ী আদি ঠাইত নিতৌ ত্ৰাসৰ কাৰণ হৈ পৰিছে ছয় জনীয়া এটা বন্যহস্তীৰ জাক । বিগত কেইবামাহো ধৰি জাকটো গেন্ধেলিৰ এখন হাবিত অৱস্থান গ্ৰহন কৰি দিন দুপৰতে মুক্ত বিচৰণ কৰাক কেন্দ্ৰ কৰি অতিশয় শংকিত হৈ পৰিছে গঁঞা ৰাইজ । হাতী কেইটাই নিশাৰ ভাগলৈ অঞ্চলটোত চলায় তাণ্ডৱ, ক্ষতিগ্ৰস্ত কৰে বাসগৃহ, ভঁৰাল, পাকঘৰ ইত্যাদি । স্থানীয় লোকসকলে বন বিভাগক নিতৌ বিষয়টো অৱগত কৰি আহিছে যদিও বন বিভাগেও চেষ্টা কৰিও বন্যহস্তী কেইটা বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই । যাৰ বাবে বিগত বহু নিশা বিনিদ্ৰ ৰজনী কটাইছে অঞ্চলবাসীয়ে । ইফালে নিতৌ বনৰীয়া হাতীৰ চুড়ান্ত উপদ্ৰৱৰ বাবে কৃষক ৰাইজে খেতি কৰিবলৈ এৰাত এতিয়া ছন পৰি ৰৈছে অঞ্চলটোৰ বিঘাই বিঘাই কৃষিভূমি, উপায়হীন চহা কৃষক ৰাইজ ।
Last Updated : Oct 23, 2021, 7:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.