thumbnail

বন্যহস্তীৰ ৰম্যভূমিত পৰিণত চামগুৰি

By

Published : Jul 29, 2021, 7:53 PM IST

নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন জনাঞ্চল বন্যহস্তী (Wild Elephant)ৰ বাবে হৈ পৰিছে ৰম্যভূমি । চামগুৰিৰ গেন্ধালিৰ এখন হাবিত বিগত প্ৰায় এসপ্তাহ ধৰি অৱস্থান কৰি আছে চাৰিটাকৈ বন্যহস্তীয়ে । বনৰীয়া হাতীকেইটাই জনৈক গগৈ নামৰ লোকজনৰ বাৰীৰে সময়ে সময়ে হাবিখনৰ পৰা ওলাই আহি অঞ্চলটোত মুক্ত বিচৰণ কৰাৰ সমান্তৰালকৈ আন্ধাৰ হ’লেই সন্ত্ৰাসৰ সৃষ্টি কৰে সমীপৱৰ্তী গাঁৱসমূহত । যাৰ ফলস্বৰূপে এতিয়া চৰম শংকাৰ মাজত দিন অতিবাহিত কৰিছে গেন্ধালি, শিঙীয়া, মাজৰআটি, ভকত গাঁও আদিৰ ৰাইজে । ইফালে বহু কষ্টৰ পাচতো বনৰীয়া হাতীকেইটাক কাৰ্বি পাহাৰলৈ খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগে (Forest Department) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.