যৌতুকৰ দাবীত কলগাছিয়াৰ বগুলামাৰিত বোৱাৰীক হত্যা - Wife killed by husband in Bogulamri of Kalgasia
🎬 Watch Now: Feature Video
কলগাছিয়াৰ বগুলামাৰিত সংঘটিত হৈছে এক নাৰকীয় হত্যাকাণ্ডৰ ঘটনা ৷ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বগুলামাৰী গাঁৱৰ ছেলিমা খাতুন (18) নামৰ এগৰাকী মহিলাক হত্যা কৰি পলায়ন কৰিছে ঘাতক স্বামী ছহিদুল ইছলামে ৷ এই ঘটনাই অঞ্চলব্যাপি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘাতক স্বামী ছহিদুল ইছলামৰ কঠোৰ শাস্তি দাবী কৰিছে ছেলিমাৰ আত্মীয়ৰ লগতে স্থানীয় ৰাইজে ৷ উল্লেখযোগ্য যে, বগুলামাৰি গাঁৱৰ জামাল উদ্দিনৰ কন্যা ছেলিমা খাতুনক একেখন গাঁৱৰে মোছলেম উদ্দিনৰ পুত্ৰ ছহিদুল ইছলামে এবছৰ পূৰ্বে প্ৰেমৰ সম্পৰ্কৰ শেষত পলুৱাই নি বিয়া পাতিছিল ৷ কিন্তু বিয়াৰ পিছৰে পৰাই যৌতুক বিচাৰি পত্নী ছেলিমা খাতুনক স্বামী পৰিয়ালৰ লোকে নানা ধৰণৰ অত্যাচাৰ চলাই আহিছিল বুলি অভিযোগ উত্থাপন হৈছে ৷ প্ৰাপ্ত অভিযোগ মতে, শুকুৰবাৰে সন্ধিয়া যৌতুক বিচাৰি ছেলিমা খাতুনক স্বামী ছহিদুল ইছলামে মাৰধৰ কৰি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে ৷ ঘটনাৰ খবৰ পাই ছেলিমাৰ ককায়েকে ছহিদুলৰ ঘৰত গৈ ছেলিমাক উদ্ধাৰ কৰি তিতাপানী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ বৰ্তমান পলাতক অৱস্থাত আছে হত্যাকাৰী স্বামী ছহিদুল ইছলাম ৷