কিয় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ দিছিল কংগ্ৰেছে? - উপ নিৰ্বাচন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 27, 2021, 8:28 AM IST

থাওৰাৰ লগতে উপ-নিৰ্বাচন(By Election) অনুষ্ঠিত হ’বলগীয়া আন সমষ্টিকেইটাৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই বহু চৰকাৰী আঁচনিৰ সুবিধা ৰাইজক দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । লগতে থাওৰাত সুশান্ত বৰগোহাঁই(Sushanta Borgohain)ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে থাওৰাত মেডিকেল কলেজ নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰিছিল । ইয়াৰ পাচতে কংগ্ৰেছ(Congrss) দলে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগ(Election Commission)ক অভিযোগ দিছিল । কংগ্ৰেছৰ অভিযোগৰ পাচতে মুখ্যমন্ত্ৰী শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে ৷ মঙলবাৰে থাওৰাৰ প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই ৰাইজৰ আগত কয় যে, থাওৰাত মেডিকেল কলেজ নিৰ্মাণ কৰিব বুলি কোৱাৰ পাচতে কংগ্ৰেছে দিল্লীত অভিযোগ দিছে । থাওৰাত মেডিকেল কলেজ নিৰ্মাণ হ’ব বুলি কোৱা হৈছে ৷ কিন্তু কংগ্ৰেছে মেডিকেল কলেজ নিৰ্মান হোৱাতো নিবিচাৰে ৷ কংগ্ৰেছে কেৱল নিগেটিভ কথা কৈ মানুহক বিদ্ৰোহী কৰি ৰাখিব বিচাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.