thumbnail

বিশিষ্ট অধিবক্তা মুৰুলী চাহেৱালাৰ দেহাবসান

By

Published : Apr 21, 2021, 9:32 PM IST

শিৱসাগৰৰ বিশিষ্ট অধিবক্তা মুৰুলীধৰ চাহেৱালাৰ বুধবাৰে ৭২ বছৰ বয়সত দেহাৱসান ঘটে । গেলেকীৰ বৰচলা চাহ বাগিচাত ১৯৪৯ চনত জন্ম হোৱা চাহেৱালাই বৰচলাৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি জে বি কলেজৰ পৰা স্নাতক ডিগ্ৰী সম্পন্ন কৰি যোৰহাট আইন মহাবিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী গ্ৰহণ কৰে । ১৯৭৩ চনৰ পৰা শিৱসাগৰ আদালতত ওকালতি আৰম্ভ কৰা চাহেৱালাই বিগত প্ৰায় পাঁচটা দশক ধৰি এই বৃত্তিৰ সৈতে জড়িত আছিল । সমাজৰ বিভিন্ন কল্যাণমূলক কাৰ্যত ব্ৰতী থকা চাহেৱালাৰ বুধবাৰে পুৱা প্ৰায় ১০ বজাত শিৱসাগৰ নগৰৰ প্ৰগতি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু হয় । তেখেতৰ মৃত্যুত সমগ্ৰ শিৱসাগৰ নগৰতে শোকৰ ছাঁ পৰিছে । মৃত্যুৰ সময়ত চাহেৱালাই পত্নী, বোৱাৰী, নাতিকে ধৰি পাঁচজন ভাতৃক এৰি থৈ যায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.