জোনাই : জৈৱ বৈচিত্ৰৰ ভঁৰাল জোনাইৰ পবা অভয়াৰণ্য ৷ এই অভয়াৰণ্যৰ লালী নদীৰ বালি চাপৰিত নৈসৰ্গিক সৌন্দৰ্যই হাত বাউল দি মাতিছে পৰ্যটকক ৷ আনকি নদীৰ বালি চাপৰিত নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰি মন্ত্ৰমুগদ্ধ হৈ পৰিছে পৰ্যটকসকলো ৷
এই লালী নদীৰ বালি চাপৰিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত তথা জোনাইবাসী ৰাইজৰ সহযোগত অহা ১০, ১১ আৰু ১২ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব দ্বিতীয় পবা মহোৎসৱ ৷ সেইলৈ আয়োজক সমিতিয়ে আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি ৷
উল্লেখ্য যে, পবা হৈছে শতিকা গৰকা ঐতিহ্যমণ্ডিত এখনি বনাঞ্চল ৷ যোৱা কিছুদিন আগতে পবাই লাভ কৰিছে বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি ৷ এই পবাৰ তিনিমাইল বিটৰ নৈসৰ্গিক সৌন্দৰ্যৰে ভৰা লালী নদীৰ বালিচাপৰিত বিভিন্ন কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত হ’ব পবা মহোৎসৱ ৷
আয়োজকসকলে জানিবলৈ দিয়া মতে, পবা মহোৎসৱ হ’ব প্ৰকৃতি ৰক্ষাৰ এক মহোৎসৱ ৷ আন আন মহোৎসৱকৈ এই পবা মহোৎসৱ হ’ব সম্পূৰ্ণ পৃথক ৷ প্ৰকৃতিৰ বুকুত পৰিৱেশ আৰু বন্যপ্ৰাণীৰ অনিষ্ট নোহোৱাকৈ সকলোৱে কেনেদৰে সমিল মিলেৰে থাকিব পাৰি তাৰে এক উদাহৰণ হৈ ৰ’ৱ এই পবা মহোৎসৱ ৷
পৰিৱেশ সজাগতাৰ বাবে কেবাটাও আলোচনা চক্ৰ, জংগল ট্ৰেকিং, নৌকা বিহাৰ, পৰম্পৰাগত খেল-ধেমালি, বন্যপ্ৰাণীৰ ফটোগ্ৰাফী, চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা-তৰ্ক প্ৰতিযোগিতা, চৰাই নিৰীক্ষণ, কেম্প চাইট, জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰ আদি নানা কাৰ্যসূচী থাকিব এই দ্বিতীয় পবা মহোৎসৱত ৷ পবা মহোৎসৱ সাফল্যমণ্ডিত কৰাৰ বাবে সকলোৰে উপস্থিতি আৰু সহযোগিতা বিচাৰিছে আয়োজক সমিতিয়ে ৷
উল্লেখ্য যে, এশ বছৰ পূৰ্বে বৃটিছৰ আমোলত স্বীকৃতি লাভ কৰা ধেমাজি জিলাৰ জোনাই মহকুমাৰ পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে আয়োজন কৰা হৈছে পবা মহোৎসৱ ৷ ধেমাজি জিলাৰ জোনাই মহকুমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা বৰ্ষাৰণ্য পবা বনাঞ্চলখন জৈৱ-বৈচিত্ৰৰে ভৰপূৰ ।
১৯২৪ চনত ব্ৰিটিছৰ শাসন কালতে সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰা পবা বনাঞ্চলত চৰকাৰী তথ্য মতে ১০,২২১ হেক্টৰ বনভূমি আগুৰি আছে । অৱশ্যে ধেমাজি জিলাত মুঠ ৯ খন সংৰক্ষিত বনাঞ্চল আৰু কবু চাপৰি নামে এখন প্ৰস্তাৱিত বনাঞ্চল আছে ৷
ইয়াৰে বাকী সংৰক্ষিত বনাঞ্চল কেইখন মাটিকালি অনুসৰি গালী বনাঞ্চলত ১২,৯,২৩.৪৪ হেক্টৰ; জামজিং বনাঞ্চলত ৯,০৬০০ হেক্টৰ; চেঙাজান বনাঞ্চলত ১,৬,৮১.০০ হেক্টৰ; আৰচিয়াক ডিমৌ ৬,০৬২.০৫ হেক্টৰ; সোৱণশিৰী ১৭,৪,৬৫.২৬ হেক্টৰ; জীয়াঢল ১,৮,১৬ হেক্টৰ; চিচি ৯,০৬২.৫০ হেক্টৰ; চিমেন ৮,৮,১২.৫০হেক্টৰ আৰু প্ৰস্তাৱিত কবু চাপৰি ৯,৪০,০.০০ ৷ যদিও বৰ্তমান একমাত্ৰ পবা বনাঞ্চলখনহে জীয়াই আছে ৷ বাকী সকলো জন অৰণ্যত পৰিণত হৈছে ।
লগতে পঢ়ক : পবা সংৰক্ষিত বনাঞ্চললৈ বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা; উৎফুল্লিত দল-সংগঠন - Rain Forest Poba |
আনহাতে, ধেমাজিৰ ভিতৰতে একমাত্ৰ বনাঞ্চল পবাত বিভিন্ন মূল্যৱান গছ-লতা, দুষ্প্ৰাপ্য জীৱ-জন্তু, চৰাই-চিৰিকতি, অৰ্কিড আৰু ঔষধি গছ-লতাৰে সমৃদ্ধিশালী । চিয়াং নদীৰ সমীপতে অৱস্থিত বনাঞ্চলখন বিগত দুটা দশকৰ আগৰ পৰাই পৰিৱেশ অধ্যয়নৰ আদৰ্শ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ হৈ আহিছে । তদুপৰি সম্প্ৰতি পবা বনাঞ্চললৈ পৰ্যটকৰ আগমন বৃদ্ধি পোৱা দেখা গৈছে ।
উল্লেখ্য যে, বর্তমান বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত পৰিৱেশ অধ্যয়নক এক বিষয় হিচাপে অন্তর্ভুক্ত কৰি পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰ অধ্যয়ন কৰাটো বাধ্যতামূলক হোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্ষাৰণ্য পবাক বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ পৰিৱেশ অধ্যয়নৰ এক আদর্শ ক্ষেত্ৰ হৈ পৰিছে । এইবছৰৰ পবা বনাঞ্চলৰ তিনিমাইল খণ্ডত পৰিৱেশ অধ্যয়ন কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীৰ দল সংগঠন আদি অধিক দেখা গৈছে ।
আনহাতে বিভিন্ন গাঁও আৰু অনুষ্ঠানৰ পৰ্যটকৰ দলে ইয়াত বনভোজ খাবলৈ আহে । বিশেষকৈ চিয়াঙৰ নৈসৰ্গিক সৌন্দর্য পৰ্যটকৰ বাবে আকৰ্ষণৰ আন এক কাৰণ হৈ পৰিছে । বনাঞ্চলখনৰ তিনিমাইলখণ্ডটো চিয়াং নদীৰ সমীপতে হোৱাৰ বাবে ইয়াত বনভোজ খোৱাৰ অধিক সুবিধা আছে । তিনিমাইল বনখণ্ড কার্যালয় জোনাই সদৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দক্ষিণ-পূব দিশত অৱস্থিত ।
জোনাই সদৰৰ পৰা চিয়াং নদীলৈ যাবলৈ বাহিৰ জোনাই গড়কাপ্তানি পথেৰে দক্ষিণ দিশে তিনি কিলোমিটাৰ যোৱাৰ পিছত বাহিৰ জোনাই চাৰিআলি পাব । ইয়াৰ পৰা পুনৰ দক্ষিণ-পূব দিশে চিলে গাঁৱলৈ যোৱা পথেদি প্ৰায় তিনি কিলোমিটাৰ গ'লে তিনিমাইল বনখণ্ড কার্যালয় পাব পাৰি । ইয়াৰ দাঁতিতেই চিয়াং নদীখন বৈ গৈছে। চিয়াঙক স্থানীয় ৰাইজে লালী বুলিও কয়। পবা বনাঞ্চলৰ দাঁতিতেই চিয়াং নদীখন বৈ যোৱাত পৰিৱেশটো অধিক মনোৰম হৈছে ।
বিভিন্ন ঠাইৰ পৰা ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকে চিয়াঙৰ বুকুত নৌকা বিহাৰ কৰিব পাৰে । পবা বনাঞ্চলৰ আভ্যন্তৰত ভ্ৰমণ কৰিবলৈ বন বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা পথেদি সোমাই যোৱাৰ সুবিধা আছে । আনহাতে পবা ভ্ৰমণ কৰিবলৈ লেকু খণ্ডতো বহু সুবিধা আছে । অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা লেকু খণ্ডটো জোনাইৰ পৰা পাছিঘাট যোৱাৰ পথত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত ।
ইয়াতো লেকু নদীৰ সৌন্দৰ্য উপভোগ কৰাৰ সুবিধা আছে । এই বনাঞ্চলৰ আন এক বৈশিষ্ট্য হ'ল ইয়াত বিলুপ্ত প্ৰায় লাজুকী বান্দৰ আছে । লাজুকী বান্দৰ পবাৰ অন্যতম সম্পদ বুলি ক'ব পাৰি । তদুপৰি পবাত থকা অন্যান্য জীৱ-জন্তুবোৰৰ ভিতৰত হুগৰি পহু, বন গাহৰি, বন কুকুৰা, বান্দৰ, নেউল, সাপ, কেৰ্কেটুৱা, উদ, জ'হামাল, বনৰৌ, শিয়াল, ভেকুলী, জেঠী, গুই, কেটেলা পহু আৰু সৰীসৃপ জাতীয় আদি জীৱ আছে ।
এই বনাঞ্চলৰ আন এক বৈশিষ্ট হ'ল ইয়াত মাটিত গজা এবিধ কপৌফুল দেখিবলৈ পোৱা যায় । বসন্ত কালত পবাত নানান ৰঙী অর্কিডে ভৰি পৰে। এই বনাঞ্চলত থকা গছ-গছনিসমূহৰ ভিতৰত শলখ, শিমলু, উৰিয়াম, ঔ-টেঙা, শিলিখা, ভোমোৰা, এজাৰ, নাহৰ, বৰপাত, ভোলা, পাবলি, গমাৰী আদি আছে । ইয়াত ঔষধি গুণযুক্ত বনৰীয়া শাকপাতো পোৱা যায় । ইয়াৰ ভিতৰত নেফাফু, বিহলঙনি, মেছাকী, মেজেঙা, ডিমৰু, টিকনি বৰুৱা, চেংমৰা ইত্যাদি ।
ইফালে চিয়াং নদীৰ দক্ষিণ দিশত অৱস্থিত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু পবাৰ পূব দিশত থকা দায়িং ইৰিং বন্যপ্ৰাণী উদ্যানৰ পৰা অহা বন্যহস্তীৰ দলে প্ৰায়ে পবা বনাঞ্চলত বিচৰণ কৰে । আনহাতে চিয়াঙৰ পাৰত পৰিভ্ৰমী পক্ষীও দেখিবলৈ পোৱা যায় । বছৰৰ অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ চিয়াঙৰ পাৰত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী দেখিবলৈ পোৱা যায় । ইয়াৰ ভিতৰত বৰটোকোলা, চিলনী, মাছৰোকা, ডাউক, হেটুলুকা, বালিমাহী, শগুণ ইত্যাদি পক্ষী দেখা যায় ।
পবাৰ গুৰুত্বপূৰ্ণ অংশবোৰৰ ভিতৰত প্ৰাকৃতিকভাৱে সৃষ্ট আৰ্দ্ৰভূমি সমূহ অন্যতম । পবাত থকা বিল, জলাশয়, ডোবা, পিতনি, জলাশয় আদিত কান্দুলি, মাগুৰ, শিঙি, শ’ল, শাল, কুঢ়ি, নগাচেং, গৰৈ, বামি, কুচিয়া, মিছামাছ আদি পোৱা যায় । এনেবোৰ উপাদানৰ বাবেই প্ৰকৃতিপ্ৰেমী ৰাইজে পবা বনাঞ্চলক পৰিৱেশ তান্ত্ৰিক অধ্যয়নৰ আদৰ্শ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে । শতিকা গৰকা পবাক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰি বনাঞ্চলখনক সুৰক্ষিত কৰিবলৈ দীৰ্ঘদিনৰ পৰা জোনাইৰ বিভিন্ন প্ৰকৃতিপ্ৰেমী দল সংগঠনে দাবী জনাই আহিছে ।