thumbnail

By

Published : Aug 3, 2021, 9:29 PM IST

ETV Bharat / Videos

খাদ্যৰ মাজত শিখৰৰ পেকেট...ক’ত কেনেকৈ !

ক'ভিড প্ৰতিষেধক প্ৰদানৰ কৰ্তব্যত নিয়োজিত চিকিৎসা কৰ্মীসকলক যোগান ধৰা হৈছে অস্বাস্থ্যকৰ খাদ্য ৷ ক'ভিডৰ প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে পৰিচিত চিকিৎসা কৰ্মীক যোগান ধৰা খাদ্যৰ পেকেটত ওলাল শিখৰৰ পেকেট । এই ঘটনা সংঘটিত হৈছে গোলাঘাট স্প’ৰ্টচ কমপ্লেক্সৰ ক'ভিড প্ৰতিষেধক কেন্দ্ৰত ৷ মঙলবাৰে চিকিৎসা কৰ্মীলৈ অনা দুপৰীয়া আহাৰ গ্ৰহণৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ ক'ভিড প্ৰতিষেধক কেন্দ্ৰটোত খাদ্য যোগানৰ দায়িত্বত আছিল চিৰঞ্জীৱ নামৰ এজন লোক ৷ এই কথা সদৰী কৰিছে ডাঃ সুনীতা এক্কাই ৷ ‌খাদ্যত শিখৰৰ পেকেট দেখা পাই প্ৰতিষেধক কেন্দ্ৰত থকা কৰ্মচাৰীৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া । ফলত দুপৰীয়া আহাৰ গ্ৰহণ নকৰাকৈ দায়িত্ব পালন কৰিবলগা হয় চিকিৎসা কৰ্মীসকল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.