thumbnail

By

Published : Nov 26, 2021, 4:29 PM IST

ETV Bharat / Videos

Raid against Drugs : বোকাখাতত ড্ৰাগছসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

অসমত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drug campaign continues in Assam)। গোলাঘাট আৰক্ষীয়েও জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । তেনে এক অভিযানৰ মাজতে বোকাখাতত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী (Two drugs peddler arrested at bokakhat) । নিশা বোকাখাত আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি এই অভিযান চলায় । বোকাখাতত নতুনকৈ যোগদান কৰা আৰক্ষী বিষয়া বিতুপন চুতীয়াৰ নেতৃত্বত চলিছিল এই অভিযান ৷ নগাঁৱৰ পুৰণিগুডামৰ পৰা বোকাখাতলৈ ড্ৰাগছ লৈ গৈ থকা অৱস্থাত বোকাখাত আৰক্ষীয়ে সৰবৰাহকাৰী যুৱককেইজনক আটক কৰিবলৈ সক্ষম হয় (Bokakhat Police arrested two drugs peddler) । যুৱক দুজনৰ পৰা ড্ৰাগছৰ ৮ টা কণ্টেইনাৰ,চিৰিঞ্জ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে । ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত যুৱক দুজন ক্ৰমে বোকাখাত আমটেঙাৰ বিপ্লৱ বৰা আৰু সহদেব দলে । আৰক্ষী বিষয়াই জনোৱা মতে বিপ্লৱ বৰা নামৰ যুৱকজন ড্ৰাগছ আসক্ত । অধিক তথ্যৰ বাবে আৰক্ষীয়ে দুয়োজনকে সোধাপোছা অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.