মথাউৰি পুনৰ নিৰ্মাণৰ বাবে মুকলি 2 কোটি 11 লাখ টকা - বিধায়ক প্ৰদীপ হাজৰিকা
🎬 Watch Now: Feature Video
শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত জাঁজী নদীৰ মথাউৰি পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে মুকলি কৰা হৈছে 2 কোটি 11 লাখ টকাৰ পেকেজ ৷ জাঁজী-বামুণগাঁও-মুৰাকটা অঞ্চলৰ জাঁজী নৈৰ মথাউৰিৰ মেৰামতি আৰু পুনৰ মেৰামতিৰ কামত এই ধন ব্যয় কৰিব জিলা জলসম্পদ বিভাগে ৷ শনিবাৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই এক অনুষ্ঠানত ফিটা কাটি আঁচনিখনৰ উদ্বোধন কৰে ৷ নাবাৰ্ডৰ আৰআইডিএফ-এক্সএক্সভি শিতানৰ অধীনত এই ধন ব্যয়েৰে নিৰ্মাণ কৰা হ’ব 750 মিটাৰ মথাউৰি ৷