thumbnail

By

Published : May 21, 2021, 10:21 PM IST

ETV Bharat / Videos

ব্যাপক অৰ্থনৈতিক দুৰৱস্থাৰ দিশে গাড়ী ব্যৱসায়ৰ লগত জড়িত লোক

ৰাজ্য চৰকাৰৰ শেহতীয়া ক’ভিড নীতি অনুসৰি শুকুৰবাৰৰে পৰা বন্ধ হ’ল আন্ত:জিলা যাতায়াত ব্যৱস্থা । ইফালে এই সময়চোৱাত ব্যাপক অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হ'ব ৰাজ্যখনৰ গাড়ী ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ লগতে গাড়ীসমূহৰ চালক তথা পৰিচালকসকল ৷ এফালে যদি ১১ বজাত সান্ধ্য আইন আনফালে আকৌ আন্ত:জিলা যাতায়াত বন্ধ ৷ এনে পৰিস্থিতিত বৰ্তমান গাড়ীৰ ইএমআই দিয়াত হ’বলগীয়া সমস্যাৰ বাবেও চিন্তাত পৰিছে গাড়ী চালকসকল তথা গাড়ীৰ ব্যৱসায়ৰ লগত জড়িত লোকসকল । উপায়ন্তৰ হৈ আমগুৰিত গাড়ী চালক সন্থাই এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ সহায় বিচাৰি আহ্বান জনাইছে । যেতিয়ালৈকে সান্ধ্য আইন আৰু আন্ত:জিলা যাতায়াত বন্ধ থাকে, সেইপৰ্যন্ত গাড়ীৰ ইএমআই দিয়াৰ ক্ষেত্ৰত ৰেহাই দিবলৈ মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনাইছে আমগুৰিৰ গাড়ী চালক সন্থাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.