ৰাজ্যত তিনিদিনত সংঘটিত হ'ল তিনিটা জঘন্য ধৰ্ষণৰ ঘটনা

By

Published : Feb 8, 2020, 3:31 PM IST

Updated : Feb 8, 2020, 9:05 PM IST

thumbnail

তিনিদিনত ৰাজ্যত সংঘটিত হ'ল 3 টাকৈ জঘন্য কাণ্ড ! যি ঘটনাই স্পষ্ট ভাৱে দাঙি ধৰিছে মানৱতাৰ অধোগমনৰ এখন বিভৎস ছবি ৷ পেঙেৰীৰ ইমথেম গাঁৱত বুধবাৰে নিশা দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল চাৰি সন্তানৰ এগৰাকী মাতৃক ৷ ভাওনাৰ আখৰা কৰি উভতি অহাৰ পথত মহিলাগৰাকীক বলপূৰ্বক যৌন নিৰ্যাতন চলোৱাৰ লগতে হত্যা কৰিছিল দুৰ্বৃত্তই ৷ ঘটনা সন্দৰ্ভত এই পৰ্যন্ত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷ মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শ'লমাৰীত এগৰাকী চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত কন্যা শিশুক ধৰ্ষণ কৰি হত্যা ৷ আন দিনাৰ দৰেই বিদ্যালয়লৈ গৈছিল ছাত্ৰীগৰাকী ৷ কিন্তু আবেলিলৈকে ছাত্ৰীগৰাকী ঘৰলৈ ওভতি নহাত বিচাৰ খোচাৰ চলাই গাঁৱৰ মানুহে ৷ বিচাৰ খোচাৰৰ অন্তত এডোখৰ নিজান ঠাইত উদ্ধাৰ হয় তেজেৰে তুমৰলি হৈ থকা ছাত্ৰীগৰাকীৰ নিথৰ দেহ ৷ চাৰিডাল জেওৰা খুটিত বান্ধি কণমানিগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে দুৰ্বৃত্তই ৷ ইয়াতেই ক্ষান্ত নাথাকি দুৰ্বৃত্তই ছাত্ৰীগৰাকীক জেওৰাৰে হানি-খুচি নিৰ্মমভাৱে হত্যা কৰি পেলাই থৈ যায় সেই স্থানত ৷ আৰক্ষীয়ে আটক কৰিছে এই কাণ্ডৰ অভিযুক্তক ৷ আৰক্ষীৰ আগত ঘটনাৰ হু-বহু বৰ্ণনা আগবঢ়ালে অভিযুক্তই ৷ গোৱালপাৰাৰ লক্ষীপুৰৰ মানস ৰিজাৰ্ভত উদ্ধাৰ হৈছে এগৰাকী দহবছৰীয়া কন্যাৰ মৃতদেহ ৷ যোৱা নিশা খাৰুভাজ গাঁৱত অনুষ্ঠিত এখন ধৰ্মীয় সভালৈ গৈছিল কন্যা শিশুগৰাকী ৷ তাৰ পৰা ঘৰলৈ ওভতাৰ পথত বৰ্বৰ মানসিকতাৰ কেইজনমান লোকে অসৎকাৰ্য চৰিতাৰ্থ কৰে কন্যা শিশুটিৰ সতে ৷ তাৰ পাচত একেই পন্থা ৷ শিশুটিক মুখত সোপা দি হত্যা কৰি ভৰাই থৈ যায় ধান খেৰৰ মাজত ৷ পুৱা স্থানীয় লোকে মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে ৷ ঘটনা সংক্ৰান্তত এজন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Last Updated : Feb 8, 2020, 9:05 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.