thumbnail

By

Published : Jul 20, 2021, 5:42 PM IST

ETV Bharat / Videos

বৰপেটাত মটৰ চাইকেল চোৰ আটক

বৰপেটাৰ নগাঁৱত সংঘটিত হৈছে মটৰ চাইকেল চুৰিৰ ঘটনা ৷ বৰপেটা আৰক্ষীৰ অভিযানত চুৰি হোৱা দুখন মটৰ চাইকেলসহ আটক কৰা হয় এটা চোৰ ৷ ধৃত চোৰটো সৰুক্ষেত্ৰীৰ ৰাউলী গাঁৱৰ বিদ্যুৎ দাস ৷ ৰাউলীৰ নিজ গৃহৰ পৰাই আৰক্ষীয়ে আটক কৰে মটৰ চাইকেল চোৰটোক ৷ আৰক্ষীয়ে জব্দ কৰা মটৰ চাইকেল দুখনৰ ভিতৰত এখনৰ নম্বৰ AS-15 L-5182 আৰু আনখনৰ নম্বৰ AS-14 H-4408 ৷ ধৃত চোৰটোৰ স্বীকাৰোক্তি অনুসৰি, চোৰটোৱে পূৰ্বতে আন এখন চুৰি মটৰ চাইকেল গুৱাহাটীত বিক্ৰী কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে চোৰটোক জেৰা চলাই আছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.