প্ৰতিষেধক কেন্দ্ৰক লৈ বঙাইগাঁৱত উত্তেজনা - বঙাইগাঁও জিলাৰ চাকলা কোকিলা ৰাজ্যিক চিকিৎসালয়
🎬 Watch Now: Feature Video
দেশত অব্যাহত আছে ক'ভিড প্ৰতিষেধক কাৰ্যসূচী । প্ৰতিখন ৰাজ্যৰ লগতে অসমৰ ভিন্ন প্ৰান্ততো চলি আছে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী । ইতিমধ্যে ডিচেম্বৰৰ ভিতৰত ১৮ বছৰ উৰ্ধৰ ৰাজ্যৰ সকলো লোককে প্ৰতিষেধক প্ৰদানৰ লক্ষ্য আগত ৰাখিছে চৰকাৰে । যাৰ বাবে দ্ৰুত গতিত চৰকাৰে অসমৰ নগৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলতো প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অব্যাহত ৰাখিছে । অৱশ্যে তাৰ মাজতে বহু স্থানত প্ৰতিষেধকৰ নাটনিৰো খবৰ আহিছে । বহু লোকে ঘণ্টা ঘণ্টা ধৰি শাৰী পাতি থাকিও প্ৰতিষেধক লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে । ইয়াৰ মাজতে আকৌ একাংশ জিলাত প্ৰতিষেধকৰ বাবে তীব্ৰ হুলস্থূলৰ পৰিৱেশৰো সৃষ্টি হোৱা দেখা গৈছে । বঙাইগাঁও জিলাৰ চাকলা-কোকিলা ৰাজ্যিক চিকিৎসালয়ত বুধবাৰে দেখা গ'ল তেনে এক পৰিৱেশৰ । প্ৰতিষেধক শিবিৰ স্থানান্তৰক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় চিকিৎসালয়খনত । চিকিৎসালয়খনৰ পৰিৱৰ্তে চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰতিষেধক শিবিৰ স্থাপনৰ সিদ্ধান্তৰ পাছতে একাংশ লোকে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । নিশাৰ পৰা প্ৰতিষেধকৰ বাবে শাৰী পাতি থকাৰ পাছত হঠাৎ চিকিৎসালয়ৰ পৰা শিবিৰটো স্থানান্তৰ কৰাৰ সিদ্ধান্তক লৈ উত্তেজিত হৈ পৰে একাংশ লোক । প্ৰতিষেধকৰ বাবে অহা বহু লোকে হাস্পতালত প্ৰৱেশ কৰি উত্তেজনা সৃষ্টি কৰাৰ অভিযোগ উঠিছে । ইফালে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা লোক সকলে ক'ভিড বিধি অনুসৰণ নকৰাৰো অভিযোগ উঠিছে । অৱশ্যে তীব্ৰ উত্তেজনাৰ মাজতে হাস্পতালখনত উপস্থিত হয় কোকিলা আৰক্ষী । আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰতিষেধক শিবিৰটো হাস্পতালখনৰ পৰা চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ স্থানান্তৰ কৰিবলৈ সক্ষম হয় ।