thumbnail

Transformer এ বিপদ মাতিছে বিদ্যালয়লৈ

By

Published : Nov 17, 2021, 11:54 AM IST

শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অধীনস্থ এখন বিদ্যালয়ত শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ উত্থাপন ৷ কালুগাঁৱত অৱস্থিত 7 নং গায়ন গাঁও প্ৰাথমিক বিদ্যালয়(7 No. Gayan Primary School)ত যিকোনো সময়তে শিহৰণকাৰী কাণ্ড সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ কিয়নো এটা উন্মুক্ত ট্ৰেন্সফৰ্মাৰ(Transformer) বিদ্যালয়খনৰ চৌহদত স্থাপন কৰাত যিকোনো সময়ত বিপদ নামি অহাৰ সম্ভাৱনা আছে । গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ উন্মুক্ত ট্ৰেন্সফৰ্মাৰটো বিদ্যালয়খনৰ চৌহদৰ পৰা স্থানান্তৰ কৰিবলৈ ইতিমধ্যে শক্তি বিভাগ(Power Department)ক আবেদন জনাইছে বিদ্যালয় কৰ্তৃপক্ষই ৷ কিন্তু বৰ্তমানেও বিভাগে কোনো ব্যৱস্থা লোৱা নাই বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.