thumbnail

কালি মন্দিৰত চৌহদত মঙহ উদ্ধাৰক লৈ চাঞ্চল্য

By

Published : Jun 4, 2021, 8:25 PM IST

গোলকগঞ্জৰ জিনকাটাৰ শ্মশান কালি মন্দিৰত উত্তেজনা । মন্দিৰ চৌহদত নিশা অচিনাক্ত দুষ্কৃতিকাৰীয়ে মাংস পেলাই দিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উত্তেজিত ৰাইজে কালডোৱাৰ পৰা হালাকুৰালৈ যোৱা পথত বাঁহ বান্ধি পথ অৱৰোধ কৰি দুষ্কৃতিকাৰীক আটক কৰাৰ দাবী জনায় । ঘটনাস্থলীত ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জী ৰাণী শৰ্মাই উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে । দুষ্কৃতিকাৰীক অতিশীঘ্রে আটক কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে অতিৰিক্ত আৰক্ষী অধীক্ষকে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.