গোলাঘাটত বাঘৰ আক্ৰমণত আহত কিশোৰ - Swahid Kushal Konwar Civil Hospital
🎬 Watch Now: Feature Video

গোলাঘাট লক্ষীবাৰীৰ ২ নং ৰতনপুৰত শনিবাৰে বাঘৰ আক্ৰমণত গুৰুতৰভাবে আহত হয় এটি ১২ বছৰীয়া কিশোৰ ৷ আঘাতপ্ৰাপ্ত কিশোৰটোক গোলাঘাট লক্ষীবাৰী কাৰ্তিক কুৰ্মীৰ পুত্ৰ শাওনা কুৰ্মী বুলি জানিব পৰা হৈছে ৷ চাহ বাগিচাৰ কাষৰ খালত বন্ধুৰ সৈতে মাছ ধৰি থাকোতে বাঘে পাছফালৰ পৰা আক্ৰমণ কৰে কিশোৰটোক । বাঘৰ আক্ৰমণত গুৰুতৰভাবে আহত শাওনা কুৰ্মীক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ কিশোৰটোক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।