কৰম পূজাৰ দিনাও শ্ৰমিকক কাম কৰিবলৈ বাধ্য কৰোৱাইছে বাগান কৰ্তৃপক্ষই - চাহ শ্ৰমিক ঘোষণা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 17, 2021, 9:32 PM IST

বঢ়মপুৰ বিধানসভা সমষ্টিৰ তপতজুৰি চাহ বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে । ৰাজ্য চৰকাৰে কৰম পূজা বাবে ১৭ ছেপ্তেম্বৰৰ দিনটো বন্ধ ঘোষণা কৰাৰ পিচতো বাগান কৰ্তৃপক্ষই শ্ৰমিক সকলক চাহ পাত তোলা কামত নিয়োজিত কৰিছে । যাৰ ফলত চাহ শ্ৰমিক ঘোষণা কৰা বন্ধক ভেঙুচালি কৰি শ্ৰমিক সকলক শুকুৰাবেৰ পুৱাৰে পৰা কামত নিয়োজিত কৰাক লৈ ক্ষোভিত চাহ শ্ৰমিক সকল । পবিত্ৰ কৰম পূজাৰ আয়োজন কৰাৰ পৰা বঞ্চিত হৈ কামত নিয়োজিত হৈ থাকিব লগা হৈছে চাহ শ্ৰমিক সকল । ১৭ছেপ্তেম্বৰৰ দিনটো সকলো প্ৰতিষ্ঠান বন্ধ থকাৰ পিচতো তপতজুৰি চাহবাগান কৰ্তৃপক্ষই শ্ৰমিক সকলক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে বুলি মন্তব্য কৰি সংগঠনটোৰ নেতৃত্বই ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.