thumbnail

By

Published : Jul 8, 2021, 1:49 PM IST

ETV Bharat / Videos

কলিয়াবৰত মহকুমাধিপতিৰ Sudden visit

কলিয়াবৰত অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসৰ ছাডেন ভিজিট ৷ চৰকাৰী কাৰ্যালয়ে-কাৰ্যালয়ে চলালে এই ছাডেন ভিজিট ৷ সময়মতে কাৰ্যালয়ত উপস্থিত নোহোৱা আৰু কাৰ্যালয়ৰ দায়িত্ব সূচাৰুৰূপে পালন নকৰা কৰ্মচাৰীক ধমক দিয়ে মহকুমাধিপতিগৰাকীয়ে ৷ তদুপৰি কাৰ্যালয়ত পৰি ৰোৱা কাম-কাজৰ বুজ লয় পবিত্ৰ কুমাৰ দাসে । চৰকাৰী কাৰ্যালয়সমূহ নিজৰ ঘৰৰ দৰে পৰিপাটিকৈ ৰাখিবলৈ সকীয়নি দিয়ে কৰ্মচাৰীসকলক । বিগত সময়ছোৱাত ৰাজ‍্যত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কাৰ্য‍ভাৰ গ্ৰহণ কৰাৰ সময় ধৰি ৰাজ‍্যত বিভিন্ন বিভাগত তৎপৰতা দেখিবলৈ পোৱা গৈছে । কলিয়াবৰ মহকুমাতো ইয়াৰ প্ৰভাৱ দেখা গৈছে । ইতিমধ‍্যে অসম শক্তি বিতৰণ নিগমৰ সমান্তৰালকৈ কলিয়াবৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসক যথেষ্ট তৎপৰ হোৱা দেখা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.