ভোট জলকীয়া খাই গীনিজ বুক অৱ ৰেকৰ্ডত স্থান দখলৰ চেষ্টা - guinness book of world records
🎬 Watch Now: Feature Video
সপোন দেখাৰ অধিকাৰ সকলোৰে আছে ৷ সকলোৱে নিজৰ সপোনবোৰক দিব বিচাৰে এক বাস্তৱ ৰূপ ৷ বিভিন্নজনৰ বিভিন্ন সপোন থাকে ৷ কাৰোবাৰ চিকিৎসক হোৱাৰ, কাৰোবাৰ শিক্ষক হোৱাৰ, ভাল ছবি অঁকা ইত্যাদি ৷ কিন্তু মৰাণৰ এজন যুৱকে দেখিছে এক ব্যতিক্ৰমী সপোন ৷ ভোট জলকীয়া খাই গীনিজ বুক অৱ ৰেকৰ্ড কৰিবলৈ সপোন দেখিছে এজন ছাত্ৰই ৷ ছাত্ৰজনৰ নাম ৰক্তিম বৰুৱা ৷ শিশু অৱস্থাত খোজ কাঢ়িবলৈ শিকাৰ আগেয়ে প্ৰকৃতিৰ মহিমা বুজি নুঠা শিশুটিয়ে ৰঙা-সেউজীয়া জলকীয়াবোৰ খাই ভাল পাইছিল ৷ ভোট জলকীয়াবোৰ ৰক্তিমৰ বাবে সাধাৰণ খাদ্যৰ দৰে হৈ পৰিছিল ৷ এই বিষ্ময়কৰ শক্তিৰ ছাত্ৰজনৰ বয়স 17 বছৰ ৷ বৰ্তমান উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ৰক্তিমে গীনিজ বুক অৱ ৰেকৰ্ড কৰিবলৈ সপোন পুহি ৰাখিছে ৷ একেৰাহে ভোট জলকীয়া খাই থাকিব পৰা বিষ্ময় বালক ৰক্তিম বৰুৱাৰ আনকি চকুত জলকীয়া সানি দিলেও একো নহয় । সৰুৰে পৰা ডিমৌৰ কৈৱৰ্তদলনী গাঁৱৰ মোমায়েকৰ ঘৰতে ডাঙৰ-দীঘল হোৱা ৰক্তিমৰ জীৱন বৃত্তান্ত দুখজনক । তেওঁৰ আত্মীয়সকলেও গীনিজ বুক অৱ ৰেকৰ্ডৰ বাবে ইতিমধ্যে ৰক্তিমক উৎসাহিত কৰি তুলিছে ।