thumbnail

By

Published : Mar 25, 2021, 10:49 PM IST

ETV Bharat / Videos

সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ ছিদ্দিক আহমেদৰ

ৰাজ্যজুৰি অব্যাহত আছে ৰাজনৈতিক নেতা সকলৰ সাম্প্ৰদায়িক মন্তব্যৰে ভোটৰ বতৰ গৰম কৰি ৰখাৰ প্ৰচেষ্টা । এইবাৰ প্ৰচাৰ সভাত চৰম সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিলে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ মহাজোটৰ প্ৰাৰ্থী তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদে ৷ নেতা গৰাকীয়ে উল্লেখ কৰা অনুসৰি বিজেপি চৰকাৰৰ দিনত অসমৰ কেইবাখনো ঠাইত হেনো বন্ধ কৰি দিয়া হৈছে মছজিদৰ আজান ৷ গতিকে মাদ্ৰাছা আৰু মছজিদ ৰক্ষাৰ স্বাৰ্থত এইবাৰ সংখ্যালঘূ লোকে মহাজোটৰ প্ৰাৰ্থীক ভোট দিব লাগে ৷ উল্লেখ্য যে,নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে,সিমানেই প্ৰচাৰ তুংগত তুলিছে প্ৰতিটো ৰাজনৈতিক দলে ৷ সমান্তৰালকৈ আৰম্ভ হৈছে বিভাজনৰ ৰাজনীতি ৷ ভোটাৰক আকৃষ্ট কৰিবলৈ গৈ বহু ৰাজনৈতিক নেতাই সাম্প্ৰদায়িক মন্তব্যৰে নিৰ্বাচনী বতাহ গৰম কৰি ৰাখিছে ৷ বুধবাৰে সমষ্টিৰ নিলাম বজাৰ এলেকাত এখন জনসভাত ছিদ্দিক আহমেদে কি মন্তব্য কৰিছিল ? শুনক এই মন্তব্য...

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.