thumbnail

By

Published : Sep 6, 2021, 8:38 AM IST

ETV Bharat / Videos

COVID SITUTION: আৰম্ভ বিদ্যালয়ৰ নিয়মিত পাঠদান

ৰাজ্যলৈ ঘূৰি ক্ৰমাৎ ঘূৰি আহিবলৈ ধৰিছে স্বাভাৱিক পৰিস্থিতি ৷ ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৷ কাল কৰ’ণাৰ ফলত প্ৰায় দুটা বছৰে সাধাৰণ ৰাইজৰ সমান্তৰালকৈ শিক্ষাৰ্থীসকলৰ দুটাকৈ শৈক্ষিক বৰ্ষত প্ৰভাৱ পৰিছে ৷ কিন্তু যিহেতু ৰাজ্যলৈ লাহে লাহে স্বাভাৱিক অৱস্থা ঘূৰি আহিছে, সেয়ে ৰাজ্য চৰকাৰেও লৈছে কিছু বিশেষ পদক্ষেপ ৷ সম্পূৰ্ণ 6 মাহৰ অন্তত আজিৰে পৰা অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হ’ব দ্বাদশ আৰু স্নাতক চূড়ান্ত বৰ্ষৰ পাঠদান প্ৰক্ৰিয়া ৷ যাৰবাবে ইতিমধ্যে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ সজাই-পৰাই তোলাৰ লগতে চেনিটাইজেশ্যনো কৰা হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ সমান্তৰালকৈ শিৱসাগৰৰ শ'লগুৰি মৌজাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান শ'লগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণ বটবৃক্ষ স্বেচ্ছাসেৱী সংগঠনে দেওবাৰে চেনিটাইজ কৰা দেখিবলৈ পোৱা যায় ৷ এক প্ৰকাৰে ক’ব লাগিব যে, পাঠদানৰ বাবে শ'লগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় ইতিমধ্যে সাজু কৰি তুলিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.