বটদ্ৰৱাত গুৰুজনাৰ ৫৭৩ সংখ্যক জন্ম জয়ন্তী পালন - নাম কীৰ্তনৰ ধ্বনিৰে মুখৰিত হৈ পৰে নামঘৰৰ প্ৰাঙ্গন
🎬 Watch Now: Feature Video

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্ম জয়ন্তী উপলক্ষ্যে হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱাৰ আকাশ বতাহ । গুৰুজনাৰ জন্মোৎসৱ আয়োজনক লৈ মহাপুৰুষ জনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱাত পুৱাৰ পৰাই ভক্তসকলৰ মাজত ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে । নামঘৰে নামঘৰে ডবা, কাঁহ, খোলৰ শব্দত মুখৰিত হৈ পৰিছে । দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোবা জন্মোৎসৱৰ দ্বিতীয় দিনা পুৱাই প্ৰাতঃপ্ৰসংগ কৰে ভক্তসকলে । নাম কীৰ্তনৰ ধ্বনিৰে মুখৰিত হৈ পৰে নামঘৰৰ প্ৰাংগন । ইফালে দুদিনীয়াকৈ ভাগৱত পাঠৰো আয়োজন কৰিছে বটদ্ৰৱা থানত । মুঠতে উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত ।