ৰাজ্যৰ পৰা প্ৰত্যাহাৰ হ'ব নেকি সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন !! - সামৰিক বাহিনী বিশেষ ক্ষমতা আইন
🎬 Watch Now: Feature Video
গুৱাহাটী; 7 জুনঃ ইতিমধ্যে চৰ্চালৈ আহিছে, সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন, 1958 প্ৰত্যাহাৰৰ প্ৰসঙ্গ ৷ এই আইন প্ৰত্যাহাৰ কৰিলে ৰাজ্যত আকৌ উগ্ৰপন্থী সমস্যা গাঁ কৰি উঠাৰ সম্ভাৱনা যেনেদৰে প্ৰকট হৈ পৰিছে তাৰ বিপৰীতে কিন্তু বিভিন্ন মহলে আদৰণী জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰীণালয়ৰ এই সিদ্ধানক ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তিম খচৰা ৩১ জুলাইত প্ৰকাশ পোৱাৰ পাছতেই অসমৰ পৰা সামৰিক বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ প্ৰত্যাহাৰ কৰাৰ কথা ইতিমধ্যে চৰ্চালৈ আহিছে। অসম আৰক্ষীৰ শীৰ্ষ মহলৰ মতে, নক্সালবাদী সমস্যাৰে জৰ্জৰিত দেশৰ বহু ৰাজ্যত এতিয়াও বলবৎ নাই AFSPA দৰে আইন ৷ তেনেক্ষেত্ৰতত অসমৰ পৰা এই আইন প্ৰত্যাহৰ কৰিলেও উগ্ৰপন্থীৰে মোকাবিলা কৰিবলৈ সাজু অসম আৰক্ষী ৷