মৰাণ: প্ৰয়াত ৰাজীৱ শদিয়াই গোৱা এটা গান আন এগৰাকী শিল্পীয়ে চুৰি কৰাক লৈ বিগত কিছুদিন ধৰি চলি আছে বিতৰ্ক । সামাজিক মাধ্য়মত এই বিষয়টোক কেন্দ্ৰ কৰি তুমুল বিতৰ্কৰ সৃষ্টি হৈছে । এই প্ৰসংগত ইয়াৰ মাজতেই এইবাৰ মুখ খুলিলে কণ্ঠশিল্পী তথা চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে । দৰাচলতে কোনে গান চুৰি কৰিছিল ? সীমান্ত শেখৰে সংবাদ মাধ্য়মৰ আগত সকলো কথাই বিৱৰি ক'লে ।
গণশিল্পী ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যুৰ পাছতে চৰ্চালৈ আহিল এটা গান । প্ৰয়াত শিল্পীগৰাকীৰ এটা গান কণ্ঠশিল্পী সীমান্ত শেখৰে চুৰি কৰি গোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত বিষয়টো ব্যাপক চৰ্চা হোৱাত সীমান্ত শেখৰক তীব্ৰ সমালোচনা কৰিছে বিভিন্নজনে । ইয়াৰ পাছতে শনিবাৰে ডিব্ৰুগড়ত প্ৰথমবাৰলৈ এই সন্দৰ্ভত মুখ খুলিলে সীমান্ত শেখৰে ।
ৰাজীৱ শদিয়াৰ পৰিয়ালক সহায় কৰাৰ আহ্বান:
এই প্ৰসংগত সীমান্ত শেখৰে কয়, "ৰাজীৱ শদিয়াৰ মৃত্যুৱে সাংস্কৃতিক জগতৰ যথেষ্ট লোকচান কৰিছে । এতিয়া ৰাজীৱ শদিয়াৰ পৰিয়ালক যি সহায়ৰ প্ৰয়োজন তাকে নকৰি যদি আমি অনাহক বিতৰ্ক কৰো তেন্তে বেয়া হ'ব । তেওঁৰ পৰিয়ালক সহায় কৰিব লাগে আৰু আগন্তুক দিনলৈকে সহায় কৰি থাকিব লাগে ।"
গানটোৰ প্ৰযোজক এজনেই :
সীমান্ত শেখৰে আৰু ক'লে- "বিতৰ্ক সৃষ্টি হোৱা গানটোৰ কপি ৰাইট যাৰ হাতত আছে তেওঁ তিনিচুকীয়াৰ কিশোৰ বৰুৱা । কিশোৰ বৰুৱাই সেই গানটো ৰাজীৱ শদিয়াকো গোৱাইছিল, মোকো গোৱাইছিল । ৰাজীৱ শদিয়াও গায়ক, ময়ো গায়ক । গানটোৰ প্ৰডিউচাৰ একেজনেই । এইটো এটা ভুল বুজাবুজি হৈছে । ৰাজীৱ শদিয়াৰ লগত ১৫ বছৰৰ আগতেই এই বিষয়ত আলোচনা হৈছিল । শেহতীয়াকৈ মোৰ প’ষ্টটো ভালকৈ নপঢ়িলে হয়তো ৰাজীৱ শদিয়াই । মই দিয়া পোষ্টটোত আমাৰ গান বুলিহে দিছিলো । ৰাজীৱে পোষ্টটোত কমেন্ট কৰাৰ পাছত ফোন কৰি বিষয়টো অৱগত কৰিছিলো । ৰাজীৱে তেওঁৰ কমেন্টটো ডিলিট কৰিবলৈ পাহৰিলে চাগে ।"
সকলোৱে নিজৰ কৰ্তব্য কৰিব লাগে :
সকলোৱে নিজৰ কৰ্তব্য কৰিব লাগে বুলি উল্লেখ কৰি সীমান্ত শেখৰে পুনৰ কয়, "ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যুৰ পাছতে প্ৰথম মই ফেচবুকত পোষ্ট কৰিছিলো । আজি যিসকলে বিভিন্ন ধৰণেৰে সমালোচনা কৰিছে তেওঁলোকে ৰাজীৱ শদিয়া জীয়াই থাকোতে তেওঁৰ বাবে কিমান কৰিছিল সেয়া প্ৰশ্নৰ বিষয় । তেওঁৰ মৃত্যুৰ পাছত ৰাজনৈতিক লাভালাভৰ বাবে তাত গৈ যদি কোনোবাই ফটো দিয়ে সেইটো কিমান সমীচিন কথা সেয়া অসমৰ ৰাইজে বিবেচনা কৰিব । শিল্পীক সদায় শিল্পীৰ দৰে থাকিব দিব লাগে, ৰাজনীতি কৰিবলৈ দিব নালাগে ।"
তেওঁ লগতে কয়, "ৰাজীৱ শদিয়াৰ প্ৰতি জীয়াই থাকোতে যি কৰিব লগা আছিল সেয়া আমি কোনেও নকৰিলো । কোনো ৰাজনৈতিক নেতাই নকৰিলে । ৰাজীৱ শদিয়াৰ পৰিয়ালৰ প্ৰতি সকলোৱে নিজৰ কৰ্তব্য কৰিব লাগে । ৰাজীৱৰ সৰু ল'ৰাটোৱে দেউতাকৰ গৌৰৱ যাতে জীয়াই ৰাখিবলৈ নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সকলোকে আহ্বান জনাইছো ।"
কি আছিল সেই ফেচবুক পোষ্টটোত :
কণ্ঠশিল্পী সীমান্ত শেখৰে ফেচবুকত ২০২৪ বৰ্ষৰ ১ আগষ্টত এটা পোষ্ট দিছিল ৷ পোষ্টটোত তেওঁ লিখিছিল, "আগন্তুক ৫৩ সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI Goa) ত ফিউজন নৃত্য প্ৰদৰ্শন কৰিব বহুকেইগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা-অভিনেত্ৰীয়ে । তাৰে প্ৰস্তুতিত আমাৰ গান "জিলেলে জিলেলে"ত এক নৃত্য দেখি খুবেই আপ্লুত হৈছো ।" উক্ত পোষ্টটোতে ‘ৰাজীৱ শদিয়া নতুন’ নামৰ এটা একাউণ্টৰ পৰা হোৱা এটা কমেণ্টে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ কমেণ্টটোত লিখা আছিল, "এইটো মোৰহে গান আছিল । পাছলৈ বেলেগৰ পৰা গান লৈ কৰিলে সম্পূৰ্ণ তথ্য লৈ কৰিব । আপুনি জনা বুজা মানুহ বিশেষ নকওঁ ।"