ভূৰবন্ধাত প্ৰলংয়কাৰী বান; মথাউৰিত বন্যাৰ্তৰ হাহাকাৰ - relief camp
🎬 Watch Now: Feature Video
নগাঁও(Nagaon) জিলাৰ ভূৰবন্ধাত ক্ৰমান্বয়ে ভয়াৱহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰৰ বানে(Flood) । ৩ নং ভূৰবন্ধাত এটা কৃষি বান্ধ বাঢ়নী পানীয়ে চিঙি নিয়াৰ পাছত এটা নিশাৰ ভিতৰতে জলমগ্ন হৈছে ভূৰবন্ধা পঞ্চায়তৰ ৪ নং ভগামুখকে ধৰি কেইবাখনো গাঁও । বানৰ কবলত পৰিছে ৪ নং ভগামুখৰ শতাধিক পৰিয়াল । আশ্ৰয় বিচাৰি শিশু,মহিলাসহ বহু লোকে ঢাপলি মেলিছে শিলঘাট-ধিং মথাউৰিলৈ । একাংশ পৰিয়ালে পানীৰ মাজতে গাঁৱতেই থাকিবলগীয়া হৈছে । গৰু-ছাগলী আদিৰো বিলৈ-বিপত্তি নোহোৱা হৈছে । ঘৰচীয়া পশুৰ বাবে খাদ্যৰো যোগাৰ কৰিব পৰা নাই গাঁওবাসীয়ে । গাঁওখনৰ পৰা বানাক্ৰান্তক আশ্ৰয় শিবিৰলৈ নিয়াৰ ব্যৱস্থা কৰিবলৈ ৰাইজে চৰকাৰক আহ্বান জনাইছে । যিসকল লোকে গাঁখনৰ পৰা ওলাই গৈছে তেওঁলোকে ব্যক্তিগতভাৱে নাৱৰ যোগাৰ কৰিবলগীয়া হৈছে । আনহাতে, এই পৰ্যন্ত প্ৰশাসনে বন্যাৰ্তৰ দুৰ্দশাৰ বুজ লোৱা নাই বুলি ৰাইজে অভিযোগ তুলিছে । আনহাতে, শিলঘাট-ধিং মথাউৰিৰ অস্থায়ী শিবিৰত আশ্ৰয় লোৱা লোকসকলে এতিয়া খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । মহামাৰীৰ ভয়াৱহতাৰ মাজতে প্ৰাণৰ মমতাত এনেদৰে আপোন ঘৰ এৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে এই লোকসকলে ।