শেষ আখৰাত ব্যস্ত ঔগুৰী কপহুৱা সোণৰ খাৰু জেংবিহু দল
🎬 Watch Now: Feature Video
নঙলা মুখত হেঁপাহৰ ৰঙালী । এতিয়া অসমীয়াৰ গা সাতখন-আঠখন । বিহুক আদৰিবলৈ সাজু হৈ আছে প্ৰতিজন অসমীয়া । গাঁৱে ভূঞে এতিয়া বিহুক আদৰিবলৈ প্ৰস্তুতি চলাইছে গঞা ৰাইজে । জীয়াৰী-বোৱাৰী সকলো ব্যস্ত বিহুৰ আখৰাত ৷ টিংখাঙৰ ঔগুৰী কপহুৱা সোণৰ খাৰু জেংবিহু দলে ঘৰে ঘৰে, মঞ্চই মঞ্চই জেং বিহু পৰিবেশন কৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে । শেষ আখৰাত ব্যস্ত ১৯ জনীয়া যুৱতীৰ এই জেংবিহু দলটি ৷