thumbnail

By

Published : Jun 30, 2021, 9:01 PM IST

ETV Bharat / Videos

জে পি নাড্ডাক ইতিহাস অধ্যয়ন কৰাৰ পৰামৰ্শ ৰিপুন বৰাৰ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কংগ্ৰেছ নেতাক 'ৰাজনৈতিক পৰ্যটক' আখ্যা দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে । উল্লেখ যে মঙলবাৰে প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত দিল্লীৰ পৰা ভিডিঅ' কনফাৰেঞ্চ যোগে অংশ গ্ৰহণ কৰি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কংগ্ৰেছ দলক কঠোৰ ভাৱে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ নেতাক ৰাজনৈতিক পৰ্যটক আখ্যা দিছিল । নাড্ডাৰ এই মন্তব্যক লৈ জাঙুৰ খাই উঠিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। বুধবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদ ৰিপুন বৰাই কয়-' এনেধৰণৰ অবজ্ঞাসূচক মন্তব্য দুৰ্ভাগ্যজনক । বিজেপি দলৰ জন্ম হৈছিল ১৯৮০ চনত । ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ জন্ম হৈছিল ১৮৮৫ চনত । কংগ্ৰেছ দলৰ অৱদানৰ লগত বিজেপি দলৰ কোনো তুলনা নহয় । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ইতিহাস অধ্যয়ন কৰা উচিত । অসমত কংগ্ৰেছে নিৰ্বাচনত পৰাজয় বৰণ কৰিলে বুলিয়েই এনেদৰে মন্তব্য কৰাটো দুৰ্ভাগ্যজনক ।' বৰাই প্ৰশ্ন উত্থাপন কৰি কয় যে ইয়াৰ অৰ্থ এইটো নেকি যে বিজেপিয়ে পৰাজয় বৰণ কৰা ৰাজ্যসমূহৰ বাবে বিজেপিৰ নেতসকল ৰাজনৈতিক পৰ্যটক আছিল । তেওঁ বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কেতবোৰ প্ৰশ্ন উত্থাপন কৰে ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.