উজনি সোৱণশিৰিত চীনাৰ আগ্ৰাসনক অগ্ৰাহ্য কৰিলে মহন্ত পাংগিঙে

By

Published : Jan 27, 2021, 2:32 PM IST

thumbnail
ৰঙা চীনে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ পূৱ প্ৰান্তত উজনি সোৱণশিৰীৰ জিলাত পুনৰ অবৈধভাৱে দখল কৰি লেন্সি নদীৰ পাৰত নতুন হাইড্ৰ’ পাৱাৰ প্ৰকল্প আৰু গাঁও নিৰ্মাণ কৰাৰ কথা অস্বীকাৰ কৰিলে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন গ্ৰুপ কেপ্তেইন মহন্তটো পাংগিঙে । ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে, ই সম্পূৰ্ণৰূপে মিছা আৰু ভিত্তিহীন । চীনে অৰুণাচলৰ প্ৰদেশৰ ভিতৰত কোনো ধৰণৰ নিৰ্মাণ কাৰ্য কৰা নাই । তেওঁ কয় যে, চীনে তেওঁলোকৰ পাদ দেশত বহুতো নিৰ্মাণ কাৰ্য সম্পন্ন কৰিছে । ১৯৬২ ভাৰত-চীন যুদ্ধৰ সময়ৰ পৰা এল এ চি একেই আছে আৰু তেতিয়াৰ পৰাই উক্ত গাঁও চীনৰ অধীনত আছে । এই বিষয়ে বৈদেশিক মন্ত্ৰণালয় আৰু তেজপুৰৰ গজৰাজ কৰ্পচৰ প্ৰতিৰক্ষা মুখপাত্ৰ লে. কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেয়ে নস্যাৎ কৰাৰ পাচতে অৰুণাচল প্ৰদেশৰ উজনিৰ সোৱণশিৰী জিলাত তাগিন যুৱ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । তাৰ পিছত অৰুণাচল প্ৰদেশৰ টাৱাং, ইটানগৰ আদি বিভিন্ন ঠাইত প্ৰতিবাদ আৰম্ভ হয় । চাওক কি কি ক’লে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন গ্ৰুপ কেপ্তেইন মহন্ত পাংগিঙে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.