ৰিপ’ৰ্ট কাৰ্ড: যোৰহাট জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ বিশেষ বিৱৰণ... - kongress

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 12, 2021, 4:49 PM IST

Updated : Mar 13, 2021, 12:01 PM IST

যোৰহাট জিলাৰ মুঠ বিধানসভা সমষ্টি পাঁচটা আৰু মুঠ ভোটাৰ 7,56,856 ৷ সমষ্টি কেইটা হ’ল দেৰগাঁও, যোৰহাট, টীয়ক, তিতাবৰ, মৰিয়নী ৷ দেৰগাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে অগপৰ বিধায়ক ভৱেন ভৰালীয়ে ৷ যোৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷ টীয়ক সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে অগপৰ অনুপমা ৰাজখোৱাই ৷ তিতাবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ কিন্তু যিহেতু তৰুণ গগৈৰ ইতিমধ্যে মৃত্যু ঘটিছে গতিকে বৰ্তমান চৰকাৰৰ অধীনত আছে তিতাবৰ সমষ্টি ৷ একেদৰে মৰিয়নি সমষ্টিও আছে কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মীৰ দখলত ৷ 2016 চনৰ নিৰ্বাচনত দেৰগাঁও সমষ্টিত ভৱেন ভৰালীয়ে লাভ কৰিছিল 63079 টা ভোট আৰু কংগ্ৰেছৰ আৰতি কছাৰী হাজৰিকাই লাভ কৰে 46807 টা ভোট ৷ যোৰহাট সমষ্টিত হিতেন্দ্ৰ নাথ গোস্বামীয়ে লাভ কৰে 69209 টা ভোট আৰু কংগ্ৰেছৰ ৰাণা গোস্বামীয়ে লাভ কৰে 55571 টা ভোট ৷ টীয়কত অগপ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাই লাভ কৰে 40928 টা ভোট আৰু কংগ্ৰেছৰ পল্লৱী শইকীয়া গগৈয়ে লাভ কৰে 35879 টা ভোট ৷ তিতাবৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে লাভ কৰিছিল 62025 টা ভোট আৰু বিজেপিৰ কামাখ্যা প্ৰসাদ তাচাই লাভ কৰে 44530 টা ভোট ৷ মৰিয়নি সমষ্টিত কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মীয়ে লাভ কৰে 36701 টা ভোট আৰু এন চি পিৰ অলক কুমাৰ ঘোষে লাভ কৰে 34908 টা ভোট ৷ ভৱেন্দ্ৰ নাথ ভৰালীৰ শিক্ষাগত অৰ্হতা স্নাতক আৰু তেওঁৰ বিৰুদ্ধে নাই কোনো আইনী গোচৰ ৷ যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ শিক্ষাগত অৰ্হতা স্নাতক আৰু তেওঁৰ বিৰুদ্ধে নাই কোনো আইনী গোচৰ ৷ টীয়ক সমষ্টিৰ বিধায়ক অনুপমা ৰাজখোৱা দ্বাদশ উত্তীৰ্ণ আৰু তেওঁৰ বিৰুদ্ধে নাই কোনো আইনী গোচৰ ৷ তিতাবৰ সমষ্টিৰ বিধায়ক তৰুণ গগৈৰ শিক্ষাগত অৰ্হতা আছিল স্নাতক আৰু তেওঁৰ বিৰুদ্ধে নাছিল কোনো গোচৰ ৷ মৰিয়নী সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ শিক্ষাগত অৰ্হতা দ্বাদশ উত্তীৰ্ণ আৰু তেওঁৰ বিৰুদ্ধেও কোনো আইনী গোচৰ নাই ৷
Last Updated : Mar 13, 2021, 12:01 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.