ৰঙিয়াত ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ এজন - ৰঙিয়াত ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ এজন
🎬 Watch Now: Feature Video
ৰঙিয়া ৰেল ষ্টেচনৰ সমীপৰ গুৰকুছি পথৰ পৰা মঙলবাৰে ৰঙিয়া আৰক্ষীয়ে এটা ড্ৰাগছ সৰবৰাহকাৰী(Drug peddler arrested at Rangia)ক গ্ৰেপ্তাৰ কৰে ৷ ধৃত সৰবৰাহকাৰীটো নাজিবুল হক ওৰফে ধন বুলি জানিব পৰা হৈছে । ধন আলীয়ে এখন স্কুটিৰে ব্ৰাউন চুগাৰ বিক্ৰী কৰিবলৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে হাতেলোটে গ্ৰেপ্তাৰ কৰে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে ১২ টা কণ্টেইনাৰত ৬.২২ গ্ৰাম ব্ৰাউন চুগাৰ, এটা মোবাইল ফোনৰ লগতে নগদ ধন জব্দ(Drugs Seized at Rangia) কৰিবলৈ সক্ষম হয় ।